হিমন্ত বিশ্ব শৰ্মাৰ কেৰিয়াৰত বাটাৰফ্লাই ইফেক্ট

যুদ্ধ কৰিবলৈ প্ৰতিদ্বন্দ্বী শক্তিশালী হ’ব লাগে৷ নিৰস্ত্ৰ শত্ৰুক বীৰ যোদ্ধাই যুদ্ধক্ষেত্ৰত বধ নকৰে৷ এঘড়ী যুদ্ধ কৰাৰ সুযোগ দিহে শত্ৰুনাশ কৰাটো বীৰ যোদ্ধাৰ অলিখিত নীতি৷- হিমন্ত বিশ্ব শৰ্মায়ো যদি এনেকৈ ভাবিছে তেনেহ’লে বাৰু কথা নাই৷ তথাপি সাম-দাম-দণ্ড-ভেদ সকলো শাস্ত্ৰবৰ্ণিত নীতি প্ৰয়োগ কৰা বিজেপিক প্ৰতিনিধিত্ব কৰি তেওঁ শত্ৰুক ক্ষমা কৰাটো মানি ল’ব নোৱাৰি৷  ছলেৰে নোৱাৰিলে বলেৰে উদ্দেশ্য সিদ্ধি কৰাত বিজেপিতকৈ নিৰ্দয় ৰাজনৈতিক শক্তি ভাৰতবৰিষৰ বুৰঞ্জীতে নাই৷ এতেকে হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ কৰ্ণধাৰ হিচাপে শত্ৰুক খোপনি পুতিবলৈ সুবিধা দিয়াটো সপোনৰো অগোচৰ৷

ফুটবল বিশ্বকাপত অৱশ্যে লিঅ’নেল মেছিৰো পেনাল্টী লক্ষ্যভ্ৰষ্ট হৈছিল৷ অন্ধ অনুৰাগীয়ে তাকে সন্মুখৰ অকলশৰীয়া গ’লকীপাৰক মেছিয়ে ক্ষমাদান কৰা বুলি শান্ত্বনা লৈছিলোঁ৷ পিছে ৰাজনীতিৰ নিৰ্মম ফিল্ডত হিমন্ত বিশ্ব শৰ্মাই প্ৰতিপক্ষক উত্থানৰ সুবিধা দি কঠিন যুদ্ধৰ সোৱাদ লোৱাটো কল্পনাও কৰিব নোৱাৰি৷

HBS

চাবলৈ গ’লে অসম বিধানসভাৰ এইবাৰৰ নিৰ্বাচন বিজেপিৰ বাবে ইতিহাসৰ ভিতৰতে সহজ আছিল৷ বিৰোধী নিস্তেজ, বিজেপিৰ ধনবল, একপক্ষীয় সংবাদ মাধ্যম, হিতাধিকাৰী, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছৰ জনবিন্যাস আদিৰ বাবে নিৰ্বাচন কঠিন হোৱাৰ অৱকাশেই নাছিল৷ লোকসভা নিৰ্বাচনৰ সময়ত এদল মন্ত্ৰী আৰু খোদ মুখ্যমন্ত্ৰীয়ে যোৰহাটত তোলপাৰ লগাই গৌৰৱ গগৈক শক্তিশালী নকৰা হ’লে কংগ্ৰেছৰ জনপ্ৰিয় নেতাও নাছিল৷ যিসকল নেতা আছিল তেওঁলোক হৈছে সমষ্টিৰহে নায়ক৷ যেনেদৰে ৰকিবুল হুছেইন ধুবুৰীত বিজয়ী হোৱাটো সেই সময়ৰ ৰাজনৈতিক সমীকৰণহে৷ কংগ্ৰেছতে থকাহ’লেও ভূপেন বৰা নতুবা প্ৰদ্যুৎ বৰদলৈয়ে অসমৰ নিৰ্বাচনত দলক মুঠেও সহায় কৰিব পৰাৰ সম্ভাৱনা নাছিল৷ তাৰোপৰি সমষ্টি পুনৰ নিৰ্ধাৰণ আছিল নিৰ্বাচনৰ অন্যতম ট্ৰাম্পকাৰ্ড৷ প্ৰায়বোৰ সমষ্টি এনেকৈ খণ্ড-বিখণ্ড কৰি পেলোৱা হৈছিল যে বিৰোধীৰ বাবে নিৰ্বাচন হৈ পৰিছিল কঠিন৷ কেইটামান সমষ্টিৰ বাদে আন সকলোতে বিজেপিৰ দৰে কট্টৰ সোঁপন্থী দলৰ বাবে বিজয়ৰ পৰিৱেশ পুনৰ নিৰ্ধাৰণৰ ফলত হোৱা জনবিন্যাসে সহজ কৰি পেলাইছিল৷ পৰীক্ষা পাতি চাকৰি দিয়া, কিছু উন্নয়ন কৰা আদি আছিল নিৰ্বাচনৰ মূল ইছ্যু৷

চৰকাৰৰ হিতাধিকাৰী কাৰ্যসূচীও নিৰ্বাচনী ৰাজনীতিত হিট ফৰ্মুলাই আছিল৷ অসম চৰকাৰে কিমান ঋণ লৈছে নতুবা ৰাজ্য ধাৰত টেঁটুলৈ পোত যোৱাৰ দৰে বিষয়বোৰ ভোটাৰৰ বাবে ধৰ্তব্য এতিয়াও নহয়৷ সেইটো দিশৰ পৰাও বিজেপি ফ্ৰণ্টফুটত আছিল৷ বৰ্ণহিন্দুৰ বেছিভাগেই আছিল উচ্ছেদৰ সমৰ্থক৷ সৰ্বোপৰি বিজেপিৰ বাবে বৃহৎ শক্তি আছিল অসমৰ সংবাদ মাধ্যম৷ এটা কথা ঠিক যে অসমৰ সংবাদ মাধ্যম কোনোকালেই স্বতন্ত্ৰ নাছিল৷ কিন্তু হিমন্ত বিশ্ব শৰ্মাই অসমৰ সংবাদ জগতক ক্ৰীতদাসৰ সমপৰ্যায়ৰ কৰি তুলিলে৷ মালিকপক্ষ বাদেই, সংবাদ মাধ্যমত চাকৰি কৰা বেছিসংখ্যক লোকেই হৈ পৰিল অনুগত ভৃত্য৷ প্ৰতিবাদ কৰাটো সংবাদকৰ্মীৰ বাবে হতভ্যাস হৈ পৰিল৷ সংবাদ মাধ্যম নামধাৰী দালাল চক্ৰটো চৰকাৰী পক্ষৰ প্ৰচাৰ বিভাগৰ অংশ হ’ল৷ পূৰ্বে গোপনে সমৰ্থন কৰা সাংবাদিকে এইবাৰ আঁৰ-বেৰ নোলোৱাকৈ বিজেপিৰ হকে প্ৰচাৰ চলালে৷ স্বতন্ত্ৰ সংবাদ মাধ্যম সৰ্বসাধাৰণৰ বাবে ইমানো আকৰ্ষণীয় নোহোৱা বাবে সেইদিশৰ পৰাও নিৰ্বাচনটো বিজেপিৰ বাবে সহজ হৈ পৰিছিল৷

এটা কথা সত্য যে বিজেপি ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছতে কোনো বিশেষ ৰাজনৈতিক আদৰ্শৰ অনুগত নহৈ পৰিস্থিতিৰ তাগিদাত ভোটিং কৰা লোকসকলৰ প্ৰকৃত স্থিতি ধৰা পৰিছিল৷ নিজকে নিৰপেক্ষ বুলি দাবী কৰা লোকসকল যে কিছু পৰিমাণে নমনীয় সোঁপন্থাৰ প্ৰতি আকৰ্ষিত সেয়া বিজেপিৰ বিজয়ে প্ৰমাণিত সত্য কৰি তুলিছিল৷ এইবাৰো আদৰ্শগত আকৰ্ষণ নথকা মৌন ভোটাৰে হিমন্ত বিশ্ব শৰ্মাকে ভোট দিবলৈ মন বান্ধিছিল৷ সকলো মিলি স্বৰূপাৰ্থতে বিজেপিৰ বাবে সহজ আছিল নিৰ্বাচন৷

সেয়ে ভোটযুদ্ধৰ কিছুদিন আগলৈ প্ৰশ্ন আছিল- হিমন্ত বিশ্ব শৰ্মা বনাম কোন? নিস্তেজ-নিৰুত্তাপ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ দৰে আগ্ৰাসী ৰাজনৈতিক শক্তিক প্ৰত্যাহ্বান জনাব পৰা প্ৰতিপক্ষ নাছিল বুলি ধাৰণা জন্মিছিল৷ কিন্তু সহজ যুদ্ধ কঠিন কৰি পেলোৱাৰ দৰে অসমৰ মুখ্যমন্ত্ৰীয়ে নিজা শক্তিৰে কংগ্ৰেছত নেতা জন্ম দিলে৷ গৌৰৱ গগৈক লোকসভা নিৰ্বাচনৰ পৰা ৰাজ্যৰ ৰাজনীতিত প্ৰাসংগিক কৰি কৰি ক্ৰমে পাকিস্তান লিংকৰ নিচিনা অদ্ভুত প্ৰচাৰেৰে শক্তিশালীভাৱে সংস্থাপিত কৰা হ’ল৷ সৰ্বশেষত সেয়ে নিৰ্বাচনটো হৈ পৰিল হিমন্ত বিশ্ব শৰ্মা বনাম বিৰোধী৷ স্বাভাৱিক তৰ্জন গৰ্জনৰ বাদে যি বিৰোধীয়ে  নিৰ্বাচনত কৰিবলগীয়া একো নাছিল সেইটো নিৰ্বাচনকে হিমন্ত বিশ্ব শৰ্মাই খুচৰি ঘাঁ বহল কৰাৰ দৰে কৰি পেলালে৷

অৱশ্যে দুৰ্বল প্ৰতিপক্ষৰ সৈতে যুদ্ধ কৰাৰ আমেজ নাই৷ কিন্তু কথাটো ইমান সহজকৈ ভাবিব পৰা হৈ থকা নাই৷ এডৱাৰ্ড লৰেঞ্জে তাহানিতে কেওজ থিয়ৰীৰ ভিত্তিত বাটাৰফ্লাই ইফেক্টৰ বৰ্ণনা কৰিছিল৷ ক্ৰিয়াৰ আৰম্ভণিতে সামান্য প্ৰতিক্ৰিয়াৰ ফলতো বৃহৎ প্ৰভাৱ যে পৰিব পাৰে সেয়া লৰেঞ্জৰ বৰ্ণনাৰ পৰাহে প্ৰতিষ্ঠিত হ’ল৷ অসমৰ নিৰ্বাচনত সেই বাটাৰফ্লাই ইফেক্টৰে প্ৰভাৱ পৰিব পাৰে৷ সহজ যুঁজক কঠিন কৰি তোলাৰ প্ৰৱণতাৰ ফলত বিজেপিৰে দুই-এক বিপদ পৰিছে৷ নিশকতীয়া বুলি ভবা বিৰোধীয়েও আক্ৰমণৰ পৰাহে শক্তি সঞ্চয় কৰিছে৷


Comments

Leave a Reply

Your email address will not be published. Required fields are marked *