Category: Uncategorized

  • পেনপ্টিকনৰ কথা জেৰেমী বেন্থামেও ইমান দূৰলৈ ভবা নাছিল

    সুদূৰ ফ্ৰান্সৰ জেৰেমী বেন্থামৰ সৈতে ভাৰতত অনুষ্ঠিত ডাক্তৰী পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষাৰ অৱশ্যেই সম্পৰ্ক নাই৷ অষ্টাদশ শতিকাৰে দাৰ্শনিক বেন্থামৰ পেনপ্টিকন নাম কৌশলটোৰ বিষয়েও বৰকৈ চৰ্চা নহয়৷ এইটো পদ্ধতি আছিল বিগত শতিকাৰ মনস্তাত্ত্বিক যুঁজ, কাকো নোচোৱাকৈ প্ৰত্যেককে নজৰবন্দী কৰি ৰখাৰ কৌশলটোৱেই জেৰেমী বেন্থামৰ পেনপ্টিকন৷ ফ্ৰান্সত প্ৰাচীন যুগত বেন্থামৰ স্থাপত্যৰ ভিত্তিত চক্ৰাকাৰৰ বেহু ৰচনা কৰা হৈছিল৷ মাজৰ স্তম্ভৰ…

  • হিমন্ত বিশ্ব শৰ্মাৰ কেৰিয়াৰত বাটাৰফ্লাই ইফেক্ট

    যুদ্ধ কৰিবলৈ প্ৰতিদ্বন্দ্বী শক্তিশালী হ’ব লাগে৷ নিৰস্ত্ৰ শত্ৰুক বীৰ যোদ্ধাই যুদ্ধক্ষেত্ৰত বধ নকৰে৷ এঘড়ী যুদ্ধ কৰাৰ সুযোগ দিহে শত্ৰুনাশ কৰাটো বীৰ যোদ্ধাৰ অলিখিত নীতি৷- হিমন্ত বিশ্ব শৰ্মায়ো যদি এনেকৈ ভাবিছে তেনেহ’লে বাৰু কথা নাই৷ তথাপি সাম-দাম-দণ্ড-ভেদ সকলো শাস্ত্ৰবৰ্ণিত নীতি প্ৰয়োগ কৰা বিজেপিক প্ৰতিনিধিত্ব কৰি তেওঁ শত্ৰুক ক্ষমা কৰাটো মানি ল’ব নোৱাৰি৷  ছলেৰে নোৱাৰিলে বলেৰে উদ্দেশ্য…

  • গুপ্তাজীও ছায়া বিস্তাৰবাদৰে প্ৰতিনিধি

    বন্ধৰ দিনটোত অলপ সময় লৈ চাৰিআলিৰ ছেলুনখনলৈ যাবচোন৷ বিহাৰী নাপিতে কেঁচিৰ সমানে মুখখনো চলাই ক’ব- এই যে বিল্ডিংটো আছে, সেইখন মস্ত পথাৰ এখন আছিল৷ আমি আহোঁতে ইয়াত কুচ্চ’ভি নাছিল৷ সেই যে ৰতনৰ মাকটো, এতিয়া বুঢ়ী যে, আমাক বিৰাট মৰম কৰিছিল! এই যে ছায়া বিস্তাৰবাদী ৰাষ্ট্ৰীয়তাবাদ, সেয়া অকল ভাৰততে হোৱা নাই৷ পৃথক সাংস্কৃতিক ভাবনাৰে আধিপত্য়বাদী ৰাষ্ট্ৰীয়তাক…

  • সন্মানীয় হ’বলৈ শক্তি থাকিব লাগিব, অন্যথা আপুনিও হ’ব লাগিব অকণ গোসাঁই

    ৰাতিয়েই চাপৰিয়াল গাঁৱৰ দেউৰাম ঢুকাল৷ শটো বাহি নকৰাকৈ খৰি দিবলৈ নিশাই খেলৰ ছেক্ৰেটেৰীয়ে ঘৰে ঘৰে খবৰ দিলেগৈ৷ আটাইবোৰ মানুহেই আহিল৷ নাহিল কেৱল সিমূৰৰ অকণ গোসাঁই৷ কিন্তু পুৱা পোহৰ হোৱাৰ লগে লগে অকণহে শোকত কাতৰ হৈ পৰিল৷ মোক ৰাতিয়েই কিয় খবৰ নিদিলি বুলি তৰ্জন গৰ্জন কৰিলে৷ ৰাতিখন পদূলিৰ পৰা চিঞৰাত নুশুনি দুৱাৰ ঘটালি মাতিছিল বুলি খেলৰ…

  • কোনেও বেমাৰলৈ ভয় নকৰে, ভয় কৰে…

    মধ্যবিত্তই অসুখক ভয় নকৰে৷ মানুহবোৰে অসুখৰ চিকিৎসাত হোৱা খৰচৰ কথা ভাবিহে ভয় কৰে৷ শাৰিৰীক-মানসিক লটিঘটিৰ উপৰি ব্যয়বহুল চিকিৎসা সৰ্বসাধাৰণৰ প্ৰতিনিয়ত উদ্বিগ্নতাৰ কাৰণ৷ লিভাৰৰ অসুখ বুলি শুনিলেই ৰোগীৰ অৱস্থাৰ পৰিৱৰ্তে ৫০ লাখটকীয়া ব্যয়বহুল চিকিৎসাৰ বিষয়েহে আলোচনা কৰা হয়৷ নাৰ্ছিংহোমত এডমিট কৰিলেই কিমান টকা খৰচ হ’ব সেইটো ৰুগীয়াৰ পৰিয়ালৰ মূল আলোচ্য বিষয়৷ বৰ্ধিত চিকিৎসা ব্যয়ৰ বাবে সৰ্বসাধাৰণে…

  • হিমন্ত বিশ্ব শৰ্মাৰ তিনিটা অমংগলীয়া কাম

    নিৰ্বাচনী ৰাজনৈতিক পৰম্পৰাক হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যাহ্বান জনাব লাগিব৷ কাৰণ তেওঁ তিনিটা অমংগলীয়া কাম কৰিছে৷ এনেধৰণৰ কাম কৰি কোনো নিৰ্বাচনত জয়ী হোৱাৰ উদাহৰণেই নাই৷ পূৰ্বে অসমৰ যিজন মুখ্যমন্ত্ৰীয়ে শিক্ষকৰ গাত হাত দিছে তেওঁৰে পতন ঘটিছে৷ কেতিয়াবা দল জিকিলেও মুখ্যমন্ত্ৰী সলনি হৈছে৷ অসমৰ ৰাজনীতিত সেয়ে শিক্ষকৰ অভিশাপ নেতাই ভয় কৰিবলগীয়া কথাই৷ কিন্তু মুখ্যমন্ত্ৰিত্বৰ সময়ত হিমন্ত বিশ্ব…

  • ৰণনিনাদৰ অপেক্ষা কৰি দিকভ্ৰান্ত সৈনিক

    ৰণনিনাদৰ অপেক্ষা কৰি দিকভ্ৰান্ত সৈনিক

    দৈৱৰ চাৰিটা তৰাত পাণ্ডৱৰ দুৰ্বলতা ব্যাখ্যা বনবাসৰ অন্তত ভিন্নৰূপেৰে অজ্ঞাতবাস খাটি পাণ্ডৱসকলে মাত্ৰ পাঁচখন গাঁৱৰহে অধিকাৰ বিচাৰিছিল৷ অহংকাৰী দুৰ্যোধনে ৰাজসভাত দূতৰূপী শ্ৰীকৃষ্ণক ক’লে-সূচ্যগ্ৰং নৈব দাস্যামি বিনাযুদ্ধেন কেশৱ৷ অৰ্থাৎ কেশৱ, যুদ্ধ অবিহনে বেজীৰ আগত উঠা মাটিকণো মইএৰি নিদিওঁ৷ তাৰ ফলশ্ৰুতিতে কুৰুক্ষেত্ৰৰ যুদ্ধ হোৱাৰ কাহিনী সৰ্বজনবিদিত৷ অহংকাৰে কৌৰৱৰ বিনাশ কৰাৰ কাহিনী পঢ়া ভাৰতীয় নেতৃত্বৰ সম্প্ৰতি পাণ্ডৱৰ দৰে…