বন্ধৰ দিনটোত অলপ সময় লৈ চাৰিআলিৰ ছেলুনখনলৈ যাবচোন৷ বিহাৰী নাপিতে কেঁচিৰ সমানে মুখখনো চলাই ক’ব- এই যে বিল্ডিংটো আছে, সেইখন মস্ত পথাৰ এখন আছিল৷ আমি আহোঁতে ইয়াত কুচ্চ’ভি নাছিল৷ সেই যে ৰতনৰ মাকটো, এতিয়া বুঢ়ী যে, আমাক বিৰাট মৰম কৰিছিল!
এই যে ছায়া বিস্তাৰবাদী ৰাষ্ট্ৰীয়তাবাদ, সেয়া অকল ভাৰততে হোৱা নাই৷ পৃথক সাংস্কৃতিক ভাবনাৰে আধিপত্য়বাদী ৰাষ্ট্ৰীয়তাক ভেটা দিবলৈ চেষ্টা কাষৰে চীন দেশত উইগুৰ মুছলমানসকলে কৰিছিল৷ চীনৰ সীমান্তৱৰ্তী জিনজিয়াং প্ৰদেশখন আছিল উইগুৰ মুছলমানৰ ভূমি৷ সম্পদশালী এলেকাটোৰ চীনৰ মূল ভূখণ্ডৰ সৈতে বিশেষ সম্পৰ্ক নাছিল৷ ঠিক অসমৰ দৰেই আছিল জিনজিয়াং প্ৰদেশ৷ চীনৰ অধিকাংশ খনিজ সম্পদ জিনজিয়াঙৰ ভূগৰ্ভতে সোমাই আছিল৷ ভাৰতৰ গো-বলয়ৰ তুলনাত যেনেকৈ উত্তৰ-পূৰ্বাঞ্চল সাৰুৱা সেইদৰে উইগুৰসকলৰ জন্মস্থানো আছিল উৰ্বৰ৷ চীনৰ ৯২ শতাংশ হান জনতাই হান সম্প্ৰদায়ৰ৷ তথাপি ৭ দশক আগলৈ জিনজিয়াং প্ৰদেশত হান জনসংখ্যা আছিল আঙুলিৰ মূৰত গণিব পৰা৷
মুঠতে তাতে জন্ম হৈ ডাঙৰ হোৱা সকলতকৈয়ো বিহাৰী নাপিত ঠাইডোখৰৰ ইতিহাস ভালকৈ জনাটো হৈ পৰে৷ নিজকে লোকেল দেখুৱাবলৈ অচিনাকী মানুহ দেখিলে অচমতে জন্ম হোৱা বুলিও কৈ দিয়ে৷ কাৰণ অসম হৈছে ভাৰতৰ ছাঁ৷ যেনেকৈ জিনজিয়াং আছিল চীনৰ ছাঁ!

ছায়া সম্প্ৰসাৰণবাদৰে উৎকৃষ্ট দৃষ্টান্ত হৈছে হেনা-হুচা অসমীয়া ভাষা কৈ নিজকে খিলঞ্জীয়া বুলি ঘোষণা কৰা বিজয় কুমাৰ গুপ্তা৷ জোৰণ নপতা আৰু মাছৰ টেঙা জোল নোখোৱা স্বঘোষিত অসমীয়া বিজয় গুপ্তাই শৰাইঘাটখনকে মধ্য গুৱাহাটীলৈ উঠাই আনিলে৷ তাহানি অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যুদ্ধ শৰাইঘাটত হৈছিল৷ এইবাৰ অসমীয়াক নেতৃত্ব দিবলৈ দিল্লীয়ে প্ৰেৰণ কৰা সেনাপতি বিজয় গুপ্তাৰ সৌজন্যত শৰাইঘাটৰ ৰণ দুখোজমান আগুৱাই দিয়া হ’ল৷
সাৰুৱা নৃগোষ্ঠীয় পৰিৱেশ পাই জিনজিয়াঙত বিস্তাৰিত হৈছিল খিলঞ্জীয়া সংস্কৃতি৷ কিন্তু মূল ভূখণ্ডৰ সংস্কৃতিক প্ৰত্যাহ্বান জনাব পৰা পৃথক চিন্তাধাৰাক বিচ্ছিন্নতাবাদ হিচাপে ঘোষণা কৰিলে চীনৰ কমিউনিষ্ট চৰকাৰে৷ গতিকে পৰ্যায়ক্ৰমে জিনজিয়াঙলৈ হানসকলক প্ৰেৰণৰ পৰ্ব আৰম্ভ হ’ল৷ ধাৰেৰে মৰাৰ পৰিৱৰ্তে গেদীৰে মৰাৰ পদ্ধতি অৱলম্বন কৰি নিজৰ ঠাইতে উইগুৰসকলক সংখ্যালঘিষ্ঠ কৰি পেলোৱা হ’ল৷ প্ৰথমে জিনজিয়াঙৰ আৰ্থিক পৰিস্থিতি উন্নয়ন কৰিবলৈ হানসকলৰ এটা বণিয়া সম্প্ৰদায়ৰ প্ৰণালীবদ্ধ প্ৰব্ৰজন ঘটোৱা হ’ল৷ সেইদৰে বিস্তাৰবাদী শাসকৰ পৃষ্ঠপোষকতাৰে তাহানিতে অসমলৈ আহিল মাৰোৱাৰী৷ ৰাজস্থানৰ তেনেই শুকান মাৰোৱাৰৰ বণিয়াই অসমৰ দৰে সুজলা-সুফলা ঠাই দেখি নোপোৱাই পোৱাদি পালে৷
অসমৰ দৰেই জিনজিয়াঙতো খাবলৈ-পিন্ধিবলৈ অভাৱ নাছিল৷ সাধাৰণ জীৱনশৈলীত অভ্যস্ত লোকসকল কাম কৰিবলৈ আছিল অনিচ্ছুক৷ গতিকে কমিউনিষ্ট শাসকে উইগুৰসকলক মূলসুতিৰ সৈতে চামিল কৰিবলৈ পৰৱৰ্তী পৰ্যায়ত হান সম্প্ৰদায়ৰ শ্ৰমিক গোষ্ঠীৰ প্ৰব্ৰজন আৰম্ভ কৰিলে৷ শইচে-মইচে নদন-বদন বাবে জিনজিয়াং প্ৰদেশৰ উইগুৰসকলে কাম কৰিব বিচৰা নাছিল৷ খিলঞ্জীয়াসকলৰ কেবাটাও প্ৰজন্ম হৈ পৰিছিল ধোদ৷ সেয়ে জিনজিয়াং প্ৰদেশত কাম কৰিবলৈ সুযোগ বুজি চীনৰ কমিউনিষ্ট শাসকে দিল্লীয়ে অসমলৈ বিহাৰী পঠিওৱাৰ দৰে এদল শাৰিৰীক কষ্ট কৰিব পৰা লোকক প্ৰেৰণ কৰিলে৷
সেইদৰে পৰ্যায়ক্ৰমে জিনজিয়াঙৰ স্থানীয় অধিবাসীৰ পৰা কাম আৰু বাণিজ্যৰ অধিকাৰ কাঢ়ি লোৱা হ’ল৷ প্ৰব্ৰজনকাৰী হানসকল যিহেতু বেইজিঙৰ মদতপুষ্ট আছিল সেয়ে তেওঁলোকে জিনজিয়াঙত সাম্ৰাজ্য বিস্তাৰ কৰাটো বাধা নাপালে৷ তাৰোপৰি চীনত কঠোৰতাই যিহেতু চৰকাৰী নিয়ম সেয়ে কমদিনৰ ভিতৰতে জিনজিয়াঙৰ ভূমিপুত্ৰ উইগুৰসকলৰ প্ৰতিপত্তি মোহাৰি পেলোৱা হ’ল৷ কালক্ৰমত জিনজিয়াং প্ৰদেশ হৈ পৰিল চীনৰ ছাঁ৷ সম্প্ৰতি জিনজিয়াঙৰ উইগুৰ মুছলমানক কাৰিকৰী শিক্ষা প্ৰদানৰ বাবে শিবিৰত কমিউনিষ্ট চৰকাৰে আবদ্ধ কৰি ৰাখে৷ চৰকাৰৰ মতে এয়া হৈছে কঠোৰ প্ৰশিক্ষণ প্ৰদানৰ অংশ৷ কিন্তু প্ৰাণৰক্ষা পলাই অহা লোকসকলে প্ৰকাশ কৰা মতে শিবিৰবোৰ হৈছে কনচেনট্ৰেশ্যন কেম্পৰ দৰে৷
মূলসুতিৰ লোকৰ প্ৰব্ৰজনৰ জৰিয়তে জিনজিয়াঙত খিলঞ্জীয়াৰ আধিপত্য কমদিনতে নাশ কৰাত চীন চৰকাৰ সফল হ’ল৷ সেইদৰে অসমতো গো-বেল্টৰ পৃষ্ঠপোষকতাত চলি থাকিল স্বকীয়তা বিনাশৰ মাৰাত্মক অভিযান৷ যাৰ অংশ হৈছে মধ্য গুৱাহাটী সমষ্টিৰ বিজয় গুপ্তা নামৰ গুটখা বেপাৰী বিজেপি প্ৰাৰ্থীজন৷ তেওঁ জন্মসূত্ৰে অসমৰ খাটি অসমীয়া বুলি নিজকে ঘোষণা কৰিছে৷ কিন্তু দুৰ্ভাগ্যৰ বিষয় এয়াই যে নিভাঁজ অসমীয়া বণিয়া গুপ্তাই ভালকৈ ভাষাটোও ক’ব নাজানে৷
এটা কথা কিন্তু ঠিক যে মধ্য গুৱাহাটী বিনাশৰ আৰম্ভণিহে৷ কেইবছৰমানৰ ভিতৰতে অসমীয়া জাতীয়তাবাদৰ বৰঘৰ যোৰহাটপৰ্যন্ত হিন্দীভাষী লবীৰ বিস্তাৰ ঘটিব৷ এইখিনিতে আৰু এটা বিষয় উল্লেখনীয়৷ অসমত শিক্ষাৰ প্ৰসাৰৰ দৰে বিষয়ত মাৰোৱাৰীৰ ভূমিকা আছে বুলি এচাম স্বঘোষিত ৰাষ্ট্ৰীয়তাবাদীয়ে দাবী কৰে৷ তেওঁলোকৰ যুক্তি হৈছে যে মাৰোৱাৰীয়ে দান মাটিতে শতাধিক স্কুল-কলেজ প্ৰতিষ্ঠা হৈছে৷ কিন্তু কথাটো হৈছে- সেই মাটিবোৰ অসমত আকাশৰ পৰা খহি পৰা নাছিল৷ মাৰোৱাৰীয়ে দান দিয়া মাটিবোৰ অসমীয়াৰে আছিল৷ ছল-বুদ্ধি কৰি হোজা অসমীয়াৰ পৰা কাঢ়ি লোৱা মাটিহে দান দিয়াৰ নামত বেছিভাগ মাৰোৱাৰী বণিয়াই ব্যৱসায় বিস্তাৰ কৰিছিল৷
বহুতে আকৌ অসমৰ সাহিত্যৰ প্ৰসাৰত ৰাজস্থানীৰ ভূমিকাৰ বিষয়েও অনবৰতে বখানি থাকিবলৈ চেষ্টা কৰে৷ কিন্তু বেছিভাগ হিন্দীভাষী সাহিত্যিকৰ বাবে সাহিত্য চৰ্চা হৈছে ব্যৱসায়ৰ ৰক্ষাকৱচৰ দৰে৷ তেওঁলোকে প্ৰথমে সাহিত্যিক হোৱাৰ ছলেৰে প্ৰশাসন-যন্ত্ৰত সবল প্ৰভাৱ থকা বুদ্ধিজীৱীৰ কাষ চাপে৷ তেওঁৰ সৈতে ঘনিষ্ঠ হৈ ঘোষ্ট ৰাইটিঙেৰে হ’লেও নিজকে অসমীয়া সজায়৷ দুই-এটা জাতীয় অনুষ্ঠানলৈ দান দিলেটো খেলাই খটম হৈ যায়৷ হিন্দীভাষীক অসম প্ৰাণ বঁটা উথপথপ লাগে৷
অসমক ভাৰতৰ ছাঁ কৰি তোলাত এইবোৰো হৈছে গুৰুত্বপূৰ্ণ অনুঘটক৷ এতিয়া অৱশ্যে বিশ্লেষণৰ বাহিৰে শুধৰণিৰ সময় নাই৷ আগৰৱালাৰ হাঁহিমুখীয়া মুখখন চাই গুপ্তাৰ অধীনতে বিনাশ নোহোৱাপৰ্যন্ত অসমীয়া থাকিবই লাগিব৷
Leave a Reply