সুদূৰ ফ্ৰান্সৰ জেৰেমী বেন্থামৰ সৈতে ভাৰতত অনুষ্ঠিত ডাক্তৰী পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষাৰ অৱশ্যেই সম্পৰ্ক নাই৷ অষ্টাদশ শতিকাৰে দাৰ্শনিক বেন্থামৰ পেনপ্টিকন নাম কৌশলটোৰ বিষয়েও বৰকৈ চৰ্চা নহয়৷ এইটো পদ্ধতি আছিল বিগত শতিকাৰ মনস্তাত্ত্বিক যুঁজ, কাকো নোচোৱাকৈ প্ৰত্যেককে নজৰবন্দী কৰি ৰখাৰ কৌশলটোৱেই জেৰেমী বেন্থামৰ পেনপ্টিকন৷ ফ্ৰান্সত প্ৰাচীন যুগত বেন্থামৰ স্থাপত্যৰ ভিত্তিত চক্ৰাকাৰৰ বেহু ৰচনা কৰা হৈছিল৷ মাজৰ স্তম্ভৰ পৰা সকলোকে নজৰবন্দী কৰি ৰখাৰ স্থাপত্য অৱশ্যেই পুৰণি হ’ল, কিন্তু পেনপ্টিকন মনস্তাত্ত্বিক যুঁজৰ অস্ত্ৰ হৈ পৰিল৷

পৰিস্থিতি দেখি এনে লাগিছে- যেন ডাক্তৰী পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষাতো পেনপ্টিকনহে প্ৰয়োগ কৰা হয়৷ লগুণ-আঙুঠি খুলি পৰীক্ষাৰ্থীৰ অন্তৰ্বাসত হাত ভৰাই তালাচী কৰাৰ যিটো নিয়ম, সেইটো কেৱল ব্যৱস্থাপনাৰ ভিতৰুৱা ছিদ্ৰবোৰ ঢাকিবলৈ গোঁথা বাহ্যিক আৱৰণ৷
শদিয়াৰ পৰাও ব্যৱসায়ী অহা ডিব্ৰুগড়ৰ বিশাল দেওবৰীয়া বজাৰখন সেইদিনা বন্ধ কৰি দিয়া হৈছিল৷ চিকিৎসা শাস্ত্ৰৰ প্ৰৱেশ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ দেশজুৰি কিমান বজাৰ সেইদৰে বন্ধ কৰা হৈছিল তাৰ হিচাপেই নাই৷ কম নহয়, ২২ লাখ শিক্ষাৰ্থীৰ ভিতৰত অসমৰে আছিল ৪৬ হাজাৰোধিক পৰীক্ষাৰ্থী৷ আৰক্ষী ব্যস্ত হৈ পৰিছিল৷ তন্ন-তন্ন পৰীক্ষাৰ পিছত হলত সোমাবলৈ দিয়া পৰীক্ষাৰ্থীৰ বাবে নীট আছিল বছৰজোৰা প্ৰস্তুতিৰ ফচল৷ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম পঢ়িবলৈ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে কোটি কোটি টকা খৰচ কৰিলে৷ বন্ধ হৈ থকা বজাৰ-দোকানৰ অজস্ৰ ধন লোকচান হ’ল৷ তাৰ ফলাফল হ’ল- প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিল৷
কথাটো সিমানতে সামৰি থ’ব নোৱাৰি৷ পৰীক্ষা দিয়া ২২ লাখ শিক্ষাৰ্থীয়ে আকৌ এবাৰ উত্তৰবহীত লিখিলেই কথাটো শেষ নহয়৷ মূল বিষয়টো হৈছে অভেদ্য নিৰাপত্তা ব্যৱস্থাৰ নামত হোৱা জালিয়াতি৷ উৎসতে থকা ছিদ্ৰটো বন্ধ কৰিব নোৱাৰি পৰীক্ষাহলত সোমোৱাৰ পূৰ্বে পৰীক্ষাৰ্থীক হাৰাশাস্তি কৰাটো মাইণ্ড গেম৷ এই বিশেষ মনস্তাত্ত্বিক খেলখনৰে জনক হৈছে আমি ওপৰত উল্লেখ কৰা জেৰেমী বেন্থাম৷ ৩৫০ বছৰ পুৰণি এই দৰ্শনৰ ভিত্তিত বেন্থামে এখন কাৰাগাৰত বন্দী শতাধিক লোকক নজৰবন্দী কৰি ৰখাই মাইণ্ড গেম খেলিছিল৷ এতিয়া নীটৰ নামত বছৰি যি হৈ আছে সেয়া কেৱল এটা বিসংগতি বুলি কৈ সামৰি থ’ব নোৱাৰি৷ দৰাচলতে এয়া হৈছে প্ৰণালীবদ্ধ অৱক্ষয়৷ মেধাৰ সুৰক্ষাৰ নামত নিশ্ছিদ্ৰ ভণ্ডামী কৰা হৈছে, যি বৌদ্ধিক নৈতিকতাৰ সংকটক বাৰম্বাৰ প্ৰতীয়মান কৰিছে৷
মন কৰিবচোন, মোদীৰ শাসনকালত দেশত এইধৰণৰ জালিয়াতি বৃদ্ধি হৈছে৷ প্ৰধানমন্ত্ৰীয়ে শৈক্ষিক সংস্কৃতিৰ ভাৰতীয়কৰণৰ জৰিয়তে নৈতিকতাৰ স্খলনক বাধা দিয়াৰ কথা কয়, আনটো দিশে দুৱাৰ ধোবাংবাং হৈ থাকে৷ ২০২১ চনত ৰে’ল বিভাগৰ কনিষ্ঠ সহায়ক পদৰ প্ৰশ্নকাকত ফাদিল হৈছিল৷ সেইবছৰেই চি-টেট আৰু ভাৰতীয় সেনাৰ জিডি- চি ই ই পৰীক্ষাৰ পেপাৰো লিক হ’ল৷ সেইবছৰ নীট, গুজৰাটত অনুষ্ঠিত কেন্দ্ৰীয় জি এছ এছ বি হেড ক্লাৰ্ক, হাৰিয়ানাত অনুষ্ঠিত এইচ এছ এছ চি গ্ৰাম সচিব, হাৰিয়ানা পুলিচ পুৰুষ কনিষ্টবল, কৰ্ণাটক লোকসেৱা আয়োগৰ ফাৰ্ষ্ট ডিভিজন এছিষ্টেণ্ট, একেখন ৰাজ্যৰে আৰক্ষী উপ-পৰিদৰ্শক, মহাৰাষ্ট্ৰ জনস্বাস্থ্য বিভাগৰ তৃতীয়-চতুৰ্থ বিভাগ, মহাৰাষ্ট্ৰৰে এম এইচ এ ডি এ নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছিল৷ তাৰ পিছতো ৰাজস্থান লোকসেৱা আয়োগৰ উপ-পৰিদৰ্শক আৰু ৰাজস্থানৰে শিক্ষকৰ যোগ্যতা নিৰ্ণয় পৰীক্ষা, উত্তৰ প্ৰদেশৰ টেট, উত্তৰাখণ্ডৰ স্নাতক পৰ্যায়ৰ শিক্ষকৰ যোগ্যতা নিৰ্ণয় পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছিল৷
২০২২ চনত পেপাৰ ফাদিল হোৱাৰ তালিকাখন বেছিহে দীঘল হ’ল৷ সেইবাৰ অৰুণাচল প্ৰদেশৰ সহকাৰী অভিযন্তা নিযুক্তি পৰীক্ষা, হিমাচল প্ৰদেশৰ আৰক্ষী কনিষ্টবল পৰীক্ষা, একেখন ৰাজ্যৰে কনিষ্ঠ কাৰ্যালয় সহায়ক আই-টি পৰীক্ষা, জম্মু-কাশ্মীৰ আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হ’ল৷ তাৰ পিছতো জম্মু-কাশ্মীৰৰ কনিষ্ঠ অভিযন্তা নিযুক্তি পৰীক্ষা, কৰ্ণাটকৰ সহকাৰী অধ্যাপক নিযুক্তি পৰীক্ষা, ৰাজস্থানৰ পুলিচ কনিষ্টবল নিযুক্তি পৰীক্ষা, একেখন ৰাজ্যৰে ছিনিয়ৰ টিছাৰ গ্ৰেড ২ৰ পৰীক্ষা, ৰাজস্থানৰে স্কুল লেকচাৰাৰ কৃষি বিজ্ঞান পৰীক্ষা আৰু তেলেংগানা লোকসেৱা আয়োগৰ প্ৰাথমিক পৰীক্ষাৰ প্ৰশ্নকাকতো ফাদিল হ’ল৷
তাৰ পিছৰ বছৰ অসমত অনুষ্ঠিত চি-টেটৰ সাধাৰণ বিজ্ঞান পৰীক্ষাৰ পেপাৰ লিক হ’ল৷ কিছুদিন পিছতে হোৱা মেট্ৰিকৰ মাতৃভাষাৰ পেপাৰখনো কৰ্তৃপক্ষই গোপন কৰি ৰাখিব নোৱাৰিলে৷ বিহাৰ পুলিচ কনিষ্টবল নিযুক্তি পৰীক্ষা, গুজৰাটৰ জুনিয়ৰ ক্লাৰ্ক পৰীক্ষা, হাৰিয়ানাৰ ভেটেৰিনৰী ছাৰ্জন পৰীক্ষা, মধ্যপ্ৰদেশৰ এন এইচ এম ঠিকাভিত্তিক ষ্টাফ নাৰ্ছ পৰীক্ষা, ওড়িষা লোকসেৱা আয়োগৰ জুনিয়ৰ ইঞ্জিনীয়াৰ (চিভিল) মূল পৰীক্ষা, তেলেংগানাৰ সহকাৰী ইঞ্জিনীয়াৰৰ পৰীক্ষা, একেখন প্ৰদেশৰে একাউণ্টছ অফিচাৰ পদৰ পৰীক্ষা, আকৌ এবাৰ এছ এছ চিৰ পৰীক্ষা, আৰু শেষত উত্তৰাখণ্ডৰ পাটোৱাৰী-লেখপাল পৰীক্ষাৰ প্ৰশ্নকাকত আগতীয়াকৈ দুৰ্বৃত্তৰ গেঙে হাত কৰিলে৷
তাৰ পিছৰ বছৰটো আৰু সাংঘাতিক ঘটনা সংঘটিত হ’ল৷ ২০২৪ চনৰ প্ৰথমেই লিক হ’ল চি-টেটৰ পেপাৰ৷ তাৰ পিছত কানপুৰৰ কেন্দ্ৰৰ পৰা চি ইউ ই টিৰ পেপাৰ ফাদিল হ’ল৷ সেইবাৰেই নীট আৰু ইউ জি চি-নেটৰ প্ৰশ্নকাকতো লিক হোৱাটো কৰ্তৃপক্ষই বন্ধ কৰিব নোৱাৰিলে৷ বিহাৰৰ শিক্ষক নিযুক্তি পৰীক্ষা, ঝাৰখণ্ড লোকসেৱা আয়োগৰ চি জি এল পদৰ পৰীক্ষা, উত্তৰ প্ৰদেশৰ পুলিচ কনিষ্টবল নিযুক্তি পৰীক্ষা আৰু শেষত একেখন ৰাজ্যৰে লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ পেপাৰো ফাদিল হ’ল৷
২০২৫ চনত প্ৰথমে ইষ্ট চেণ্ট্ৰেল ৰে’লৰ নিযুক্তি পৰীক্ষাৰ পেপাৰ লিক হ’ল৷ তাৰ পিছতে অসমৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ প্ৰশ্নকাকতখন বজাৰতে ওলাল৷ ঝাৰখণ্ডতো মেট্ৰিকৰ বিজ্ঞানৰ পেপাৰৰ বেপাৰ হ’ল৷ ওড়িষাৰ বিশেষ অ’-টেটৰ পেপাৰো কৰ্তৃপক্ষই ভালকৈ ৰাখিব নোৱাৰিলে৷ একেটা বছৰতে ওড়িশা পুলিচৰ উপ-পৰিদৰ্শক নিযুক্তি পৰীক্ষা, ওড়িষাৰে এ এন এম মিডৱাইফেৰী পেপাৰ-পঞ্চমৰ পৰীক্ষা আৰু শেষত উত্তৰাখণ্ড লোকসেৱা আয়োগৰ পেপাৰখনো ফাদিল হ’ল৷ ২০২৬ চনত পেপাৰ ফাদিল হোৱাৰ আৰম্ভণি ঘটিল নীটৰ জৰিয়তে৷
কথাটো হৈছে নেশ্যনেল টেষ্টিং এজেন্সীৰ আন একো কাম নাই৷ পূৰ্বে চি বি এছ ই আৰু ইউ জি চিয়ে দেশৰ সবাতোকৈ কঠিন পৰীক্ষাবোৰৰ দায়িত্ব লৈছিল৷ বৰ্তমান সেইটো দায়িত্ব হৈছে এন টি এ অৰ্থাৎ নেশ্যনেল টেষ্টিং এজেন্সীৰ৷ এন টি এৰ দৰে পূৰ্বে ছেবাই কেৱল মেট্ৰিক পতাৰ দায়িত্ব লৈ চন্দ্ৰফুল ফুলাই থৈছে৷ সেইটো পথেৰেই আগবাঢ়িছে নেশ্যনেল টেষ্টিং এজেন্সী৷ নৈতিকতাৰ প্ৰণালীবদ্ধ অৱক্ষয় প্ৰতিৰোধ কৰিবলৈ এন টি এৰ নেতৃত্ববাহী বিদ্বানৰো ক্ষমতা নাই৷
Leave a Reply