সন্মানীয় হ’বলৈ শক্তি থাকিব লাগিব, অন্যথা আপুনিও হ’ব লাগিব অকণ গোসাঁই

ৰাতিয়েই চাপৰিয়াল গাঁৱৰ দেউৰাম ঢুকাল৷ শটো বাহি নকৰাকৈ খৰি দিবলৈ নিশাই খেলৰ ছেক্ৰেটেৰীয়ে ঘৰে ঘৰে খবৰ দিলেগৈ৷ আটাইবোৰ মানুহেই আহিল৷ নাহিল কেৱল সিমূৰৰ অকণ গোসাঁই৷ কিন্তু পুৱা পোহৰ হোৱাৰ লগে লগে অকণহে শোকত কাতৰ হৈ পৰিল৷ মোক ৰাতিয়েই কিয় খবৰ নিদিলি বুলি তৰ্জন গৰ্জন কৰিলে৷ ৰাতিখন পদূলিৰ পৰা চিঞৰাত নুশুনি দুৱাৰ ঘটালি মাতিছিল বুলি খেলৰ ছেক্ৰেটেৰীয়ে উভতি ধৰিলে অকণ গোসাঁইক৷ তেতিয়াহে গোসাঁয়ে সেও মানিলে৷ দেউৰামৰ কথা কৈ উস উস আস আস কৰি গোসাঁয়ে লাহেকৈ ক’লে- ল’ৰাকেইটাই ৰাতিখন আগফালৰ ফেনকেইখনো লগায় থয়৷ ঘৰটো একেবাৰে গুমগুমাই থাকে, আমাৰ ঘৰলৈ বাহিৰৰ পৰা নুশুনি একো! সিদিনা ৰমেনৰ খবৰটো দিবলৈ যাওতেও মই সেইদেখিহে নুশুনিলোঁ!

কাহিনীটো চাপৰিয়াল গাঁৱৰ যদিও ইৰানত ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণৰ সময়ত ভাৰত চৰকাৰৰ মৌনতাৰ সৈতে খাপ খোৱা৷ ভাৰতৰ বিদেশ নীতিৰ চাপৰিয়ালৰ অকণ গোসাঁইৰ মিল আছে৷ প্ৰতিখন গাঁৱতে বাহিৰৰ পৰা মাতি থাকিলেও নুশুনা অকণ গোসাঁইৰ দৰে মানুহ এজন থাকে৷ সেইদৰেই ভাৰতৰ বিদেশ নীতিও সম্প্ৰতি অকণ গোসাঁইৰ নিচিনা৷ চহা জনজীৱনত অকণ গোসাঁই ফালৰি কটা স্বভাৱৰ বাবে কাৰোৰে সৈতে মিলিব নোৱাৰা৷ কিন্তু আন্তঃৰাষ্ট্ৰীয় কূটনীতিত এইটোৱেই প্ৰাসংগিক নীতি৷ কৌৰৱৰ ৰাজসভাত ভীষ্মৰ দৰে নিৰ্লিপ্ত হৈ থকাটো মহাকাব্যিক ইতিহাসত তিক্ত৷ পিছে ভাৰতৰ ইতিহাসেও কূটনৈতিক ভীষ্মায়নৰ নীতিকহে সমৰ্থন কৰে৷ আন্তঃৰাষ্ট্ৰীয় কূটনীতিত শক্তিশালীৰ সৈতে ঘনিষ্ঠতাহে স্বীকৃত সম্পৰ্ক৷

আনৰ কথাত মূৰ ঘমোৱাৰ বাবেই চীনৰ সৈতে ভাৰতৰ সম্পৰ্ক তিক্ত হৈছিল৷ অধিকাৰ স্যবস্ত কৰি চীনে আগ্ৰাসন কৰাৰ ৯ বছৰ পিছলৈ দালাই লামা তিব্বততে আছিল৷ ১৯৫৯ চনত যেতিয়া দালাই লামাই ভাৰতত প্ৰৱেশ কৰিলে তেতিয়া জৱাহৰলাল নেহৰুৱে তেওঁক আশ্ৰয় প্ৰদান কৰিলে৷ পৰিপ্ৰেক্ষিতত চীনৰ সৈতে ভাৰতৰ সম্পৰ্ক তিক্ত কৰিলে৷ অৰুণাচলক কেন্দ্ৰ কৰি আগ্ৰাসী নীতিকে ধৰি চীনৰ সৈতে ভাৰতৰ এইপৰ্যন্ত অসহজ নীতিৰ মূল কাৰণেই দালাই লামাকে ধৰি তিব্বতী শৰণাৰ্থীসকল৷ ভাৰতে দীৰ্ঘম্যাদী লাভৰ বাবে দালাই লামাক আশ্ৰয় নিদিয়াটোহে যে উপযোগী বিদেশ নীতি আছিল সেয়া সময়ে প্ৰমাণ কৰিলে৷ তিক্ত যদিও সত্য এয়াই যে ৰাষ্ট্ৰৰ উপকাৰিতাৰ বাবে মানৱীয়তাৰ দৰে কথা ধৰ্তব্য নহয়৷ চীনৰ সৈতে উপযাচি সম্পৰ্ক বেয়া নকৰাহ’লে সম্প্ৰতি কেবাটাও বিপদৰ পৰা সকাহ পোৱাৰ থল আছিল৷

এতিয়া তিব্বতী শৰণাৰ্থীসকল ভাৰত চৰকাৰৰ বাবে যথাৰ্থতে গলগ্ৰহ৷ এদল ৰাষ্ট্ৰহীন নাগৰিকক ভৰণ-পোষণ দিয়াৰ বাবে প্ৰতিৱেশীৰ সৈতে সম্পৰ্ক বেয়া হৈছে৷ কিন্তু তেওঁলোক দেশৰ কূটনৈতিক সন্মানৰ বিষয়৷ চীনক প্ৰত্যাহ্বান জনোৱাৰ নামতে তিব্বতী শৰণাৰ্থীক ধৰমশালাত চৰকাৰে আশ্ৰয় দিবলগীয়া হৈছে৷ ক্ষতি কিন্তু ভাৰতৰে হৈছে৷

সিদিনাখন দেশৰ অভ্যুত্থানৰ ফলত শ্বেখ হাছিনা উৰি আহিল৷ তেতিয়াৰ পৰা হাছিনাক দিল্লীতে ৰাজকীয় আশ্ৰয় প্ৰদান কৰিবলগীয়া হৈছে৷ কিন্তু চাপৰিয়াল গাঁৱৰ অকণ গোসাঁয়ে হোৱাহ’লে হাছিনাৰ ফোনটোও সেইদিনা ধৰিবই নোৱাৰালিহেঁতেন৷ মানৱীয়তাৰ দিশৰ পৰা কথাবোৰ প্ৰশংসাজনক৷ কিন্তু আন্তঃৰাষ্ট্ৰীয় কূটনীতিত ভীষ্মায়ন জৰুৰী৷

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হোৱাৰ দিনধৰি ভাৰতে কূটনৈতিক ভীষ্মায়নৰ নীতি পালন কৰিছে৷ আমি কাৰো ফালে নাই, যাৰ শক্তি আছে ভাৰত তেওঁৰ ফলীয়া৷ যুগধৰ্ম পালন কৰি কেন্দ্ৰীয় চৰকাৰে এইটো নিয়মেই পালন কৰিছে৷ সেইদৰে ইৰানত ইজৰাইল আৰু আমেৰিকাই যি ৰুদ্ৰমূৰ্তিৰে তাণ্ডৱ চলাইছে তেতিয়াও নীৰৱ হৈ আছে প্ৰধানমন্ত্ৰী মোদী৷ পূৰ্বৰ মিত্ৰ যদিও আয়াতুল্লা আলি খামেনেইৰ নিধনৰ বিষয়তো ভাৰত নীৰৱ হৈ আছে৷ এইপৰ্যন্ত শোকপ্ৰস্তাৱ গ্ৰহণ কৰা নাই৷ কাৰণ দুৰ্বলী কাহানিও ৰাষ্ট্ৰীয় বন্ধু হ’ব নোৱাৰে৷ এখন দেশৰ বাবে বন্ধু সেইসকলেই, যাৰ শক্তি আছে৷ আন্তঃৰাষ্ট্ৰীয় কূটনীতিত শক্তি কিমান জৰুৰী সেইটো সিদিনা ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিক’লাছ মাডুৰ’ৰ বন্দিত্বই প্ৰতিপন্ন কৰি দিছে৷

আমেৰিকাই মাডুৰ’ক ধৰি নিয়াৰ আগলৈকে চীন আৰু ৰাছিয়া আছিল ভেনিজুৱেলাৰ মিত্ৰ৷ চীনৰ সাহসতে মাডুৰ’ৱে মাজে মাজে বীৰৰ বচন মাতি আছিল৷ ৰাছিয়ায়ো আমেৰিকাক বুঢ়া আঙুলি দেখুৱাবলৈ মাডুৰ’ক সাহস যোগাইছিল৷ কিন্তু সেই মাডুৰ’ক যেতিয়াই মাৰ্কিন সৈন্যই নিশা ঘৰৰ পৰা উঠাই লৈ গ’ল তেতিয়া চীন আৰু ৰাছিয়া নিৰ্লিপ্ত হৈ পৰিল৷ দুয়োখন দেশে মিত্ৰৰ সাহায্যৰ বাবে আমেৰিকাক উভতি ধৰাটোৱেই আছিল সময়ৰ দাবী৷ কিন্তু কোনেও তেনে নকৰিলে৷ কাৰণটো হৈছে বাণিজ্যিক আৰু কূটনৈতিক লাভ৷ মাডুৰ’ৰ হৈ যুদ্ধ কৰি খাল খান্দি ঘঁৰিয়াল চপাই লোৱাৰ ইচ্ছা চীনৰ নাই৷ আৰু এইটোৱেই কূটনৈতিকভাৱে শুদ্ধ দৃষ্টিভংগী৷

সত্য এটাই যে সন্মানীয় হ’বলৈ শক্তিশালী হ’ব লাগিব৷ এতিয়া নহয়, তাহানিৰ পৰা কোনো দুৰ্বলী সন্মানিত হোৱা নাই৷ জ্ঞান আৰু শক্তিৰ ভাৰসাম্যইহে ব্যক্তিবিশেষ অথবা ৰাষ্ট্ৰক সন্মান প্ৰদান কৰিব পাৰে৷ অন্যথা চাপৰিয়াল গাঁৱৰ অকণ গোসাঁইৰ দৰে নীতিয়েই গ্ৰহণ কৰিব লাগিব৷ সেইমতেই আক্ৰমণৰ পিছত মোদীয়ে শান্তি কামনা কৰিছে৷


Comments

Leave a Reply

Your email address will not be published. Required fields are marked *