দৈৱৰ চাৰিটা তৰাত পাণ্ডৱৰ দুৰ্বলতা ব্যাখ্যা
বনবাসৰ অন্তত ভিন্নৰূপেৰে অজ্ঞাতবাস খাটি পাণ্ডৱসকলে মাত্ৰ পাঁচখন গাঁৱৰহে অধিকাৰ বিচাৰিছিল৷ অহংকাৰী দুৰ্যোধনে ৰাজসভাত দূতৰূপী শ্ৰীকৃষ্ণক ক’লে-সূচ্যগ্ৰং নৈব দাস্যামি বিনাযুদ্ধেন কেশৱ৷ অৰ্থাৎ কেশৱ, যুদ্ধ অবিহনে বেজীৰ আগত উঠা মাটিকণো মইএৰি নিদিওঁ৷ তাৰ ফলশ্ৰুতিতে কুৰুক্ষেত্ৰৰ যুদ্ধ হোৱাৰ কাহিনী সৰ্বজনবিদিত৷ অহংকাৰে কৌৰৱৰ বিনাশ কৰাৰ কাহিনী পঢ়া ভাৰতীয় নেতৃত্বৰ সম্প্ৰতি পাণ্ডৱৰ দৰে যুদ্ধ কৰিবলৈ সাহস নাই৷ অন্যায়ৰ অৱসান ঘটাবলৈ শত্ৰুক উভতি ধৰাৰ দৃঢ়তা নাই৷ সেই কথাবোৰেই কৈছে দেশৰ সেনাপতি মনোজ মুকুন্দ নাৰাৱানেই৷
সেইদিনা ক্ৰেডেলৰ পৰা ফোনটো দাঙিয়েই জেনেৰেল মনোজ মুকুন্দ নাৰাৱানেই শুনিছিল অধঃস্তন বিষয়া যোগেশ যোশীৰ মাত৷ নৰ্ডান কমাণ্ডৰ কমাণ্ডিং অফিচাৰজনে সেনাধ্যক্ষক চীনৰ আগ্ৰাসনৰ খবৰ দিছিল৷ তেওঁ জনাইছিল যে চীনা সৈন্যৰ চাৰিখন বিশাল টেংকাৰ ভাৰতৰ দিশে আহি আছে৷ লগত আছে এদল পদাতিক সেনা৷ চীনে সম্পূৰ্ণ প্ৰস্তুতিৰে পূব লাডাখত ফৰ’ৱাৰ্ড পলিচী আৰম্ভ কৰিছে৷ যদি এতিয়াই একো কৰা নাযায় তেন্তে বিশাল ভূখণ্ড হেৰুৱাব লাগিব৷ যুঁজিবলৈ নৰ্ডান কমাণ্ডৰ সৈনিক সাজু হৈ আছে৷ কিন্তু তাৰ বাবে দিল্লীৰ অনুমতি লাগিব৷ নিশা ৮.১৫ বজাত নৰ্ডান কমাণ্ডৰ কমাণ্ডিং অফিচাৰ যোগেশ যোশীৰ এই বাৰ্তা জেনেৰেল নাৰাৱানেৰ বাবে আচৰিত আছিল যদিও অপ্ৰত্যাশিত নাছিল৷ ৰেচিন লা পাছ দখল কৰিবলৈ চীনে বছৰজুৰি চেষ্টা চলাই আছিল৷ সেইমতে ভাৰতীয় বাধা দিছিল৷ মাত্ৰ কেইঘণ্টামান পূৰ্বে পূব লাডাখৰ কৈলাস ৰেঞ্জ চীনৰ পৰা ভাৰতে উদ্ধাৰ কৰিছিলহে৷ তাতে বাংকাৰ সাজি সষ্টম হৈ আছিল সৈনিক৷ গতিকে কিছুসময়ৰ পিছতে দলে-বলে চীনৰ পিপ’লছ লিবাৰেশ্যন আৰ্মীৰ আগমন সেনাৰ বাবে উদ্বেগৰে বিষয়৷ পিছে বিষয়টোত সেইসময়লৈ একক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ জেনেৰলৰো অধিকাৰ নাছিল৷
২০২০ চনৰ ৩১ আগষ্টৰ এই ঘটনাৱলী নিয়ন্ত্ৰণৰ বাবে ৰাজনৈতিক সিদ্ধান্তহে আছিল মূল বিষয়৷ কিন্তু শত্ৰুক প্ৰতিৰোধৰ বাবেটো কিবা এটা হ’লেও কৰিবই লাগিব! সেয়ে নৰ্ডান কমাণ্ডৰ চি-ইন-চি যোগেশ যোশীয়ে সৈনিকসকলক আক্ৰমণৰ নিৰ্দেশ প্ৰদান কৰিলে৷ তেওঁৰ হুকুম অনুসৰি কিছুদূৰত থকা চীনা টেংকাৰ আৰু পদাতিক জোৱানক লক্ষ্য কৰি ভাৰতীয় সেনাই আৰম্ভ কৰিলে প্ৰচণ্ড গুলীবৰ্ষণ৷ তেতিয়ালৈ অৱশ্যে শত্ৰুপক্ষ গুলীয়ে ঢুকি পোৱা দূৰত্বত উপস্থিত হোৱা নাছিল৷ তথাপি কৈলাস ৰেঞ্জৰ পৰা অবিৰাম গুলী চলাই চীনা সেনাক ভাৰতীয় সীমান্তৰক্ষীয়ে সাৱধান কৰি দিয়াৰ চেষ্টা কৰিলে৷ এই ৱাৰ্নিং কলৰ ফলাফল আছিল শূন্য৷ প্ৰত্যাক্ৰমণৰ পিছতো চীনা সেনা পাৰ্বত্য পথেৰে আগুৱাই আহি থাকিল৷
ইফালে হেড কোৱাৰ্টাৰত চীনৰ আকস্মিক আগ্ৰাসনক লৈ উৎকণ্ঠাৰ অন্ত নাছিল৷ জেনেৰেল নাৰাৱানেৰ ধাৰাবাহিক গুলীচালনাৰ নিৰ্দেশ দি শত্ৰুক ৰখাই দিবলৈ ক্ষমতা আছিল৷ তেওঁ দিল্লীৰ পৰা নৰ্ডান কমাণ্ডক এবাৰ ফায়াৰ বুলি হুকুম দিয়াহ’লেই পূব লাডাখত চীনৰ পিপ’লছ লিবাৰেশ্যন আৰ্মীৰ বিৰুদ্ধে আক্ৰমণ কৰিবলৈ সৈনিক সাজু হৈছিল৷ কিন্তু তাতো এটা আহুকাল আছিল৷ পূৰ্বে প্ৰতিৰক্ষা বিভাগে দিয়া নিৰ্দেশ অনুসৰি চীনৰ বিৰুদ্ধে গুলীচালনা কৰিবলৈ চৰকাৰী অনুমতি প্ৰয়োজন৷ অৰ্থাৎ যদি লাডাখ সীমান্ত অনাকাংক্ষিত ঘটনা হয় তেন্তে কমাণ্ডিং অফিচাৰ নতুবা সেনাধ্যক্ষই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিব৷ সেয়ে ৰৈ যাবলগীয়া হৈছিল জেনেৰেল মনোজ মুকুন্দ নাৰাৱানে৷ দেশৰ সেনা বাহিনীৰ সৰ্বোচ্চ আসনখনত বহিও তেওঁ হৈ পৰিছিল অসহায়৷
ইফালে চীনা সৈন্য আগুৱাই আহিল৷ হেড কোৱাৰ্টাৰত উৎকণ্ঠাৰ সময়ত জেনেৰেলে প্ৰতিৰক্ষা মন্ত্ৰীলৈ ফোন লগালে৷ পৰিস্থিতি যে ভয়ংকৰ সেইটো প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ওচৰত বৰ্ণনা কৰি পৰৱৰ্তী হুকুমলৈ অপেক্ষা কৰি আছিল জেনেৰেলে৷ কিন্তু মন্ত্ৰ্যালয়ৰ পৰা নিৰ্দেশ নাহিল৷ ক্ৰমাৎ তেওঁ নিৰ্দেশ বিচাৰি তদানীন্তন চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱটৰ সৈতে যোগাযোগ কৰিলে৷ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু বিদেশ মন্ত্ৰী এছ জয়শংকৰকো চীনা আগ্ৰাসনৰ বিষয়ে জনালে৷ কিন্তু কি কৰিব লাগিব সেয়া তেওঁক কোনেও নক’লে৷ আকৌ এবাৰ জেনেৰেলে তেওঁৰ হাইকমাণ্ড প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে কথা পাতিলে৷ এনেদৰে তিনিবাৰ ফোন কৰাৰ পিছতহে ছাউথ ব্লকৰ পৰা প্ৰতিৰক্ষা মন্ত্ৰীয়ে জেনেৰেল নাৰাৱানেলৈ ফোন কৰিলে৷ ৰাজনাথ সিঙে জনালে যে পূব লাডাখত চীনে অনুপ্ৰৱেশৰ চেষ্টা কৰা বুলি তেওঁ প্ৰধানমন্ত্ৰীক অৱগত কৰিছে৷
সেনা বিষয়া অধৈৰ্য হোৱাটো অশোভনীয়, তাতে সেনাধ্যক্ষৰ দৰে পদাধিকাৰীয়ে যিকোনো পৰিস্থিতিতে ধৈৰ্য ধৰিব লাগিব৷ কিন্তু শত্ৰু আহি থকা দেখিও একো কৰিব নোৱাৰি উৎকণ্ঠিত হৈ পৰা জেনেৰেল নাৰাৱানেই ৰাজনাথ সিঙক সুধিলে- এতিয়া মোক কি হুকুম দিব? আশ্বৰ্যকৰ যদিও সত্য যে সেনাই কি কৰিব সেয়া নিৰ্ধাৰণ কৰাৰ দৃঢ়তা প্ৰতিৰক্ষা মন্ত্ৰীৰ নাছিল৷ তেওঁ জেনেৰেলক নিৰ্লিপ্তভাৱে ক’লে- যি ভাল দেখে সেয়াই কৰক!
তেতিয়ালৈ শত্ৰু কৈলাস ৰেঞ্জৰ কাষ পাইছিলহি৷ সকলো দেখিও দেশৰ সেনাই দিল্লীৰ পৰা যাবলগীয়া হুকুমৰ অপেক্ষা কৰি আছিল৷ বাইন’কুলাৰত চাই আছিল শত্ৰুৰ মুভমেণ্ট৷ হয় সেনাৰ কাম যুদ্ধ কৰা আৰু দেশৰ হৈ বিজয়ী হোৱা৷ কিন্তু আধুনিক কূটনীতিত যুদ্ধ সামৰিক সিদ্ধান্ত নহয়৷ ৰাজনৈতিক সিদ্ধান্ত অনুযায়ীহে সৈনিক যুদ্ধক্ষেত্ৰত অৱৰ্তীণ হয়৷ দিল্লীৰ পৰা যিহেতু ৰণনিনাদ নহ’ল সেয়ে লাডাখত নিশ্চুপ হৈ থাকিল ভাৰতীয় সৈনিকৰ শক্তিশালী ৰাইফল৷ সেই সুযোগতে শতৰু চীনে ভাৰতৰ মাটিত খুঁটি পুতিলে৷
এয়াই হৈছে ভাৰতীয় ৰাজনীতিত আলোড়নৰ সূচনা কৰা ফ’ৰ ষ্টাৰ্ছ অৱ ডেষ্টিনী নামৰ আত্মজীৱনীখনৰ মূল বিষয়৷ প্ৰাক্তন সেনাধ্যক্ষ জেনেৰেল মনোজ মুকুন্দ নাৰাৱানেই সামৰিক অভিজ্ঞতাৰে লিখা কিতাপখন অৱশ্যে অদ্যাপি অপ্ৰকাশিত৷ অৱসৰৰ পিছতো এজন সামৰিক বিষয়াৰ জীৱন ব্যক্তিগত হৈ নপৰে৷ সেয়ে তেওঁৰ আত্মজীৱনীখনো প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ নিৰীক্ষণত আছে৷ বৰ্তমানপৰ্যন্ত প্ৰকাশ কৰিবলৈ চৰকাৰে অনুমতি প্ৰদান কৰা নাই৷ ফ’ৰ ষ্টাৰ্ছ অৱ ডেষ্টিনীৰ বিষয়ে কাৰাৱান আলোচনীত প্ৰকাশিত এটা নিবন্ধক ভিত্তি কৰি ৰাহুল গান্ধীয়ে চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে৷ অৱশ্যে বিষয়টো স্পৰ্শকাতৰ৷ তাহানি আকছাই চীনৰ অনূৰ্বৰা ভূমিত ঘাঁহ এডালো নগজে বুলি বিশাল এলেকা পণ্ডিত জৱাহৰলাল নেহৰুৱে চীনক চমজাই দিছিল৷ কেবাদশকৰ পিছত মোদীৰ শাসনকালত চীনে বলেৰে বৰফাবৃত লাডাখ কাঢ়ি লোৱা বুলি অভিযোগ উত্থাপিত হৈছে৷ যাৰ তথ্যৰ ভিত্তিত এই অভিযোগ উত্থাপিত হৈছে তেওঁ আকৌ ভাৰতীয় স্থলসেনাৰ শীৰ্ষ পদাধিকাৰী৷ সেয়ে বিষয়টো ৰাজনৈতিক-সামৰিক দুয়োদিশেৰে তাৎপৰ্যপূৰ্ণ৷ সমানেই ৰহস্যময়৷
RELATED POSTS
View all