axomiyablogger.com

হিমন্ত বিশ্ব শৰ্মাৰ তিনিটা অমংগলীয়া কাম

February 8, 2026 | by manjithkalita7@gmail.com

নিৰ্বাচনী ৰাজনৈতিক পৰম্পৰাক হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যাহ্বান জনাব লাগিব৷ কাৰণ তেওঁ তিনিটা অমংগলীয়া কাম কৰিছে৷ এনেধৰণৰ কাম কৰি কোনো নিৰ্বাচনত জয়ী হোৱাৰ উদাহৰণেই নাই৷ পূৰ্বে অসমৰ যিজন মুখ্যমন্ত্ৰীয়ে শিক্ষকৰ গাত হাত দিছে তেওঁৰে পতন ঘটিছে৷ কেতিয়াবা দল জিকিলেও মুখ্যমন্ত্ৰী সলনি হৈছে৷ অসমৰ ৰাজনীতিত সেয়ে শিক্ষকৰ অভিশাপ নেতাই ভয় কৰিবলগীয়া কথাই৷ কিন্তু মুখ্যমন্ত্ৰিত্বৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই চাকৰি স্থায়ী কৰিছে ঠিকাভিত্তিকভাৱে নিযুক্ত টেট শিক্ষকৰ৷ তেওঁ দিয়া প্ৰস্তাৱ গ্ৰহণ কৰাৰ ফলত ৪১ হাজাৰ টকা দৰমহা পাই থকা কেবাহাজাৰ শিক্ষকৰ বেতন ২৬ হাজাৰলৈ হ্ৰাস পালে৷ কিছুসংখ্যক শিক্ষক অৱশ্যেই লাভৱান হৈছ, তথাপি বাধ্যত পৰি চৰকাৰী অফাৰ গ্ৰহণ কৰাসকলৰ আৰ্থিক অৱস্থা তথৈবচ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমত প্ৰথম শিক্ষকৰ অভিশাপৰ বাবে ক্ষমতা হেৰুৱাইছিল সততাৰ প্ৰতিমূৰ্তি শৰৎ চন্দ্ৰ সিংহই৷ তাৰ আগলৈ ৰাজ্যত আচলতে চৰকাৰী শিক্ষকেই নাছিল৷ শৰৎ চন্দ্ৰ সিংহইহে অসম প্ৰাথমিক (শিক্ষা) প্ৰাদেশিকীকৰণ আইন-১৯৭৪ বলৱৎ কৰি শিক্ষকসকলক চৰকাৰী মৰ্যাদা প্ৰদান কৰিছিল৷ এই ব্যৱস্থাৰ জৰিয়তে ৰাজ্যৰ শিক্ষকসকলে পেন্সন লাভ কৰাৰ নিয়মো বলৱৎ হৈছিল৷ সেয়ে ৰাজ্যৰ শিক্ষক সমাজৰ বাবে শৰৎ চন্দ্ৰ সিংহ প্ৰাতঃস্মৰণীয় নেতা৷ তেওঁৰ আমোলতে অসম মাধ্যমিক (শিক্ষা) প্ৰাদেশিকীকৰণ আইন-১৯৭৫ কাৰ্যকৰী হৈছিল৷ গতিকে উচ্চ শাখাৰ শিক্ষকসকলেও পেন্সন লাভৰ পথ হৈ পৰিছিল প্ৰশস্ত৷ ইমানখিনি কৰাৰ পিছতো শৰৎ চন্দ্ৰ সিংহ পুনৰাই মুখ্যমন্ত্ৰী হ’ব নোৱাৰিলে৷ গোলাপ বৰবৰাৰ নেতৃত্বত ৰাজ্যত প্ৰথমবাৰলৈ অ-কংগ্ৰেছী চৰকাৰ গঠিত হ’ল৷ শিক্ষকৰ অভিশাপে শৰৎ চন্দ্ৰ সিংহৰ ৰাজনৈতিক কেৰিয়াৰ সমাপ্ত কৰিলে৷

শিক্ষকৰ বাবে  কাম কৰা দ্বিতীয়জন মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া৷ তেওঁ শতাধিক স্কুল প্ৰাদেশিকীকৰণ কৰিলে৷ কেবাহাজাৰো শিক্ষকৰ চাকৰিও সৃষ্টি কৰিলে৷ কিন্তু ফলাফল বেতনিত ঔ পৰিল বাসুদেৱায় নমঃৰ নিচিনাই হ’ল৷ ইমানবোৰ কাম কৰি হিতেশ্বৰ শইকীয়া পিছৰবাৰ হাৰি থাকিল৷ ভুলে-ভ্ৰান্তিয়ে হ’লেও কাৰ্যকালত শেষত প্ৰফুল্ল কুমাৰ মহন্তই শতাধিক চাকৰিপ্ৰাৰ্থীক স্কুলত নিযুক্তি প্ৰদান কৰিছিল৷ অপাৰেশ্যন ব্লেকব’ৰ্ডৰ অধীনত ৰাজ্যৰ প্ৰতিটো সমষ্টিতে নিযুক্তি পোৱা শিক্ষকৰ সংখ্যা তাকৰীয়া নাছিল৷ কিন্তু সেইবাৰৰ নিৰ্বাচনত প্ৰফুল্ল কুমাৰ মহন্তৰ দল অগপ গোপাতপাতকৈ হাৰিল৷ তাৰ পিছৰে পৰা বহুদিনলৈ দলটোৱে কঁকালেই পোনাব নোৱাৰিলে৷

মুখ্যমন্ত্ৰী হৈ তৰুণ গগৈয়েও শিক্ষকৰ বাবে কাম নকৰা নহয়৷ কোনেও কৰিব সাহস নকৰা কাম এটা কৰি তেওঁ কলেজ শিক্ষকক পেন্সনৰ সুবিধা প্ৰদান কৰিছিল৷ এই সুবিধাৰ বাবে প্ৰায় ২০ বছৰে কলেজ শিক্ষকে আন্দোলন কৰি আছিল যদিও শেষত তৰুণ গগৈয়েহে মৰসাহ কৰিলে৷ ২০১৩ চনত তেওঁ স্কুল-কলেজৰ চৰকাৰীকৰণো কৰিছিল৷ কিন্তু কলেজ শিক্ষকক পেন্সন দিয়াৰ পিছৰবাৰেই তৰুণ গগৈৰ ১৫ বছৰীয়া শাসনৰ অন্ত পৰিল৷ সাৱধানী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও কেবাশ শিক্ষকক নিযুক্তি প্ৰদান কৰিছিল৷ তেওঁৰ কাৰ্যকালত সিদ্ধাৰ্থ ভট্টাচাৰ্য শিক্ষামন্ত্ৰী হৈ থাকোতে কাম বিলম্ব হৈছিল যদিও হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লৈয়েই নিযুক্তি প্ৰক্ৰিয়া ত্বৰান্বিত কৰিছিল৷ ভেন্সাৰ স্কুলৰ চৰকাৰীকৰণৰ ফাইলত স্বাক্ষৰ কৰিবলৈ সোণোৱালে বিলম্ব কৰা নাছিল৷ বিধানসভাত গৃহীত কৰিছিল অসম শিক্ষা (শিক্ষকৰ চৰকাৰীকৰণ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ পুনৰ গঠন) আইন-২০১৭৷ এইবোৰ কৰাৰ পিছৰ নিৰ্বাচনতো বিজেপি জিকিল৷ তথাপি সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ’ব নোৱাৰিলে৷

এইবাৰ হিমন্ত বিশ্ব শৰ্মাই ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ লগতে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক নিযুক্তি প্ৰদান কৰিছে৷ গতিকে অসমৰ ৰাজনৈতিক ইতিহাস কিন্তু তেওঁৰ পক্ষে নাই৷

আন এটা ৰাজনৈতিক অভিশাপ হৈছে দ্বিতীয় ৰাজধানী৷ দেশত এইপৰ্যন্ত যিকেইজন মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ দ্বিতীয় ৰাজধানী স্থাপন কৰিছে সকলোৰে ৰাজনৈতিক কেৰিয়াৰৰ বেলিমাৰ গৈছে৷ উদাহৰণ হিচাপে কৰ্ণাটকলৈ চাওক৷ দক্ষিণ ভাৰতৰ তেতিয়াৰ একমাত্ৰ বিজেপিশাসিত ৰাজ্যখনৰ ভূতপূৰ্ব মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পাই বাংগালুৰুৰ উপৰি বেলগ্ৰামত ৪০০ কোটি খৰচ কৰি দ্বিতীয় ৰাজধানী পাতিছিল৷ বিধানসভাৰ ১০ দিনীয়া শীতকালীন অধিৱেশন বেলগ্ৰামত অনুষ্ঠিত কৰিবলৈ বাবে ১৩ কোটি টকা খৰচ কৰি দুখন ট্ৰাকত ফাইল নিবলগীয়া হৈছিল। কিন্তু লাভ কি হ’ল! তাৰ কিছুদিনৰ পিছতে খনি কেলেংকাৰিত অভিযুক্ত হৈ অপসাৰিত হৈছিল য়েডিয়ুৰাপ্পা৷ উত্তৰাখণ্ডৰ ভাৰাৰিছেইনত শীতকালীন ৰাজধানী পাতিছিল কংগ্ৰেছী মুখ্যমন্ত্ৰী বিজয় বহুগুণাই৷ সেই ঘোষণাৰ পিছৰটো নিৰ্বাচনতে বিজয় বহুগুণাৰ কংগ্ৰেছ পৰাজিত হ’ল৷ তাৰ পিছৰে পৰা উত্তৰাখণ্ডত কংগ্ৰেছ জিকিবই নোৱাৰিলে৷ শেষত বিজয় বহুগুণায়ো বিজেপিত যোগ দিবলগীয়া হ’ল৷

দ্বিতীয় ৰাজধানী পাতি একেই দশা হৈছিল হিমাচলৰ কংগ্ৰেছী মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙৰো৷ হিমাচলৰ ৬৮ জনীয়া বিধানসভাত কাংৰা জিলাৰে সৰ্বাধিক ১৫ খন আসন আছে৷ সেয়ে বিশাল অঞ্চলটোৰ জনতাৰ সন্তুষ্ট কৰিবলৈ বীৰভদ্ৰ সিঙে ২০১৭ চনত ধৰমশালাক দ্বিতীয় ৰাজধানী ঘোষণা কৰিছিল৷ কিন্তু তাৰ পিছৰটো নিৰ্বাচনতে কংগ্ৰেছ হাৰি থাকিল৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছেও ২০১৮ চনত নাগপুৰত দ্বিতীয় ৰাজধানী স্থাপন কৰিছিল৷ তাৰ পিছত ৫ বছৰ তেওঁ মুখ্যমন্ত্ৰীৰ পৰা উপ-মুখ্যমন্ত্ৰীলৈ অৱনমিত হ’ল৷ এয়াই হৈছে দ্বিতীয় ৰাজধানী নামৰ ৰাজনৈতিক অভিশাপৰ ক্ষমতা৷

আৰু এটা কথা, তৰণ গগৈৰ বাদে অসমত যিকেইজন মুখ্যমন্ত্ৰীয়ে উৰণ সেতু উদ্বোধন কৰিছে তেওঁলোক কোনো ক্ষমতাত বাহাল থকাৰ উদাহৰণ নাই৷ প্ৰফুল্ল কুমাৰ মহন্তই মুখ্যমন্ত্ৰিত্বৰ সময়ত ঢাক-ঢোল বজাই চানমাৰীৰ অভাৰব্ৰীজ মুকলি কৰিছিল৷ তেতিয়াই মহন্তৰ ৰাজনৈতিক এপিটাফ লিখা হৈ গ’ল৷  পৰৱৰ্তী সময়ত গণেশগুৰিৰ নতুন উৰণ সেতুখন উদ্বোধন কৰি সৰ্বানন্দ সোণোৱালে অসমৰ পৰা বিদায় ল’লে৷ হিমন্ত বিশ্ব শৰ্মাই কাৰ্যকালত কেইখন উৰণ সেতু উদ্বোধন কৰিছে তাৰ কোনো হিচাপেই নাই৷ সেই হিচাপে ফ্লাই অভাৰৰ ৰাজনৈতিক দৃষ্টিকোণেৰে অনাগত নিৰ্বাচন হিমন্ত বিশ্ব শৰ্মাৰ বাবে সহজ নহ’ব৷

হিন্দী হাৰ্টলেণ্ডৰ উত্তৰ প্ৰদেশৰ ৰাজনীতিত অভিশপ্ত হৈছে যমুনা এক্সপ্ৰেছৱে’৷ এই পথটোৰ কাম আৰম্ভ কৰি মায়াৱতী ৰাজনীতিৰ পৰা বিলুপ্ত হৈ গ’ল৷ উদ্বোধন কৰি অখিলেশ যাদৱেও ক্ষমতালৈ প্ৰত্যাৱৰ্তন কৰিব নোৱাৰা হ’ল৷ এক্সপ্ৰেছৱে’ৰ দৰে শিক্ষক, দ্বিতীয় ৰাজধানী আৰু ফ্লাই অভাৰ হৈছে ৰাজনৈতিক অভিশাপ৷ যদি হিমন্ত বিশ্ব শৰ্মাই অভিশাপ মোচন কৰিব পাৰে তেন্তে তেওঁ প্ৰগাঢ় পৰম্পৰাগত ৰাজনীতিক প্ৰত্যাহ্বান জনাব৷ কথাটো হ’ল, হিমন্ত বিশ্ব শৰ্মাই পাৰিবনে?

RELATED POSTS

View all

view all