মধ্যবিত্তই অসুখক ভয় নকৰে৷ মানুহবোৰে অসুখৰ চিকিৎসাত হোৱা খৰচৰ কথা ভাবিহে ভয় কৰে৷ শাৰিৰীক-মানসিক লটিঘটিৰ উপৰি ব্যয়বহুল চিকিৎসা সৰ্বসাধাৰণৰ প্ৰতিনিয়ত উদ্বিগ্নতাৰ কাৰণ৷ লিভাৰৰ অসুখ বুলি শুনিলেই ৰোগীৰ অৱস্থাৰ পৰিৱৰ্তে ৫০ লাখটকীয়া ব্যয়বহুল চিকিৎসাৰ বিষয়েহে আলোচনা কৰা হয়৷ নাৰ্ছিংহোমত এডমিট কৰিলেই কিমান টকা খৰচ হ’ব সেইটো ৰুগীয়াৰ পৰিয়ালৰ মূল আলোচ্য বিষয়৷ বৰ্ধিত চিকিৎসা ব্যয়ৰ বাবে সৰ্বসাধাৰণে বেমাৰলৈ ভয় নকৰা হৈছে৷ এঘড়ী যুঁজি চাবলৈ সাজু মানুহবোৰৰ প্ৰধান চিন্তা হৈছে হস্পিতেলৰ খৰচ৷ সেইটোৰ পৰা ৰেহাই পালেই আধাতকৈ বেছি চিন্তা নোহোৱা হৈ পৰে৷
উদাহৰণ হিচাপে শাৰদ পাৱাৰলৈকে চাওক৷ দেশৰ ৰাজনীতিত সক্ৰিয় হৈ থকা নেতাসকলৰ ভিতৰত তেওঁ বৰ্তমান সবাতোকৈ জ্যেষ্ঠ৷ শাৰদ পাৱাৰ ৩০ বছৰে কেন্সাৰত আক্ৰান্ত৷ ডঃ মনমোহন সিং চৰকাৰ গঠনৰ পূৰ্বেই শাৰদ পাৱাৰৰ মুখগহ্বৰৰ কেন্সাৰ হৈছিল৷ তেতিয়াই অস্ত্ৰোপচাৰ কৰা হ’ল যদিও পাৱাৰৰ মুখৰ কেন্সাৰ ক্ৰমে বৃদ্ধি পালে, ফলত তেওঁ চোবাই একো খাব নোৱাৰে৷ কেৱল পাইপেৰে থপথপীয়া খাদ্য খাই পাৱাৰ ২০ বছৰোধিক সময় জীয়াই আছে৷ এই পৰিস্থিতিতো এজন সাধাৰণ মানুহৰ ক্ষেত্ৰত ভাবি চাওকচোন! কেন্সাৰৰ সৈতে যুঁজি সৰ্বশ্ৰেষ্ঠ চিকিৎসা লাভৰ ফলত শাৰদ পাৱাৰ সুস্থ হৈ আছে৷ আমেৰিকাত হাওঁফাওঁৰ কেন্সাৰৰ চিকিৎসা গ্ৰহণ কৰি ক্ৰিকেটাৰ যুৱৰাজ সিঙো সম্প্ৰতি সুস্থ৷
৬০ বছৰ বয়সৰ পিছত স্বাস্থ্যজনিত কাৰণত সৰ্বসাধাৰণ গধুৰ দায়িত্বৰ পৰা আঁতৰি অহাৰ সময়তহে দেশৰ নেতাসকল বিষয়বাবত অধিষ্ঠিত হয়৷ ৭৫ বছৰীয়া মানুহ এজন অকলে ওলাই যোৱা মানেই ঘৰৰ মানুহৰ চিন্তা, কিন্তু এই বয়সতো নৰেন্দ্ৰ মোদীয়ে ডেকা ল’ৰাৰ দৰে বিদেশ ভ্ৰমণ কৰি ফুৰে৷ এই শক্তি আচলতে কোনো অদম্য মানসিক শক্তিৰ পৰিচায়ক নহয়, এয়া হৈছে একমাত্ৰ অৰ্থনৈতিক নিৰাপত্তাৰ নিশ্চিতি৷ যিকোনো সমস্যাতে তেওঁলোকে সৰ্বশ্ৰেষ্ঠ সুবিধা লাভ কৰিব৷ কিন্তু সৰ্বসাধাৰণে সেয়া নাপায়৷ এই বাস্তৱতাক ঢাকি ৰাখিবলৈ মনোবলৰ দৰে কথাবোৰ অনৰ্থকভাৱে আলোচনা কৰা হয়৷

দেশৰ ধৰণীস্বৰূপ এইসকল লোকৰ প্ৰসংগ উদাহৰণ হিচাপেহে উল্লেখ কৰিলোঁ৷ তথাপি সৰ্বসাধাৰণৰ বাবে চিকিৎসা ব্যয় কিমান ভয়ংকৰ হৈ পৰিছে সেইটো ফে’চবুক স্ক্ৰল কৰিলেই বুজিব পাৰি৷ সদায়েই নেট নাগৰিকে কান্দি-কাটি চিকিৎসাৰ বাবে সাহায্য ভিক্ষা কৰা কমেও তিনিজন লোকক টাইমলাইনত দেখিবই৷ কোনোবা ঠাইত ডাম্পাৰে খুন্দিয়াই থৈ যোৱা মানুহক চিকিৎসালয়ত ভৰ্তি কৰিলেও তেওঁৰ আঘাত অথবা চিকিৎসা প্ৰণালী প্ৰথম আলোচ্য বিষয় নহয়৷ আত্মীয়ক টকাৰ চিন্তাইহে প্ৰথমে হেঁচা মাৰি ধৰে৷ আয়ুস্মান ভাৰত বা স্বাস্থ্যবীমা যিমানেই নোলাওক, চিকিৎসা ব্যয় মধ্যবিত্ত ভাৰতীয়ৰ বাবে অভাৱনীয় বোজা৷ ইমানখিনি ভাবিবই নালাগে, সাধাৰণ অসুখ এটাতে ডাক্তৰৰ কাষ চপা মানেই সম্প্ৰতি যিমান ধন খৰচ কৰিব লাগে সেইখিনিৰে ১০ বছৰ পূৰ্বে এমাহ ঘৰ চলাব পৰা গৈছিল৷
সম্প্ৰতি চহৰ-নগৰৰ কথা বাদেই মফচলতো চিকিৎসকৰ খৰচ আকাশলংঘী৷ এজন চিকিৎসকে ৰোগীক স্পৰ্শ কৰাৰ অৰ্থ ন্যূনতম খৰচ ৫০০ টকা৷ মধ্যবিত্তৰ উপাৰ্জনৰ মাত্ৰাও বাঢ়িছে হয়, পিছে চিকিৎসা ব্যয়ৰ সৈতে উপাৰ্জনৰ সামঞ্জস্য নাই৷ তাৰোপৰি নামী-দামী চিকিৎসালয়ত চলিছে ছিংক থিয়ৰীৰ দৰে অমানৱীয় পৰীক্ষা৷ ৰোগ নিৰ্ণয় কৰিবলৈ আপোনাৰ সিৰ খুচি সংগ্ৰহ কৰা তেজবোৰ কেবাটাও পৰীক্ষা কৰিবলৈ ব্যৱহাৰ কৰা নহয়৷ মূল পৰীক্ষাকেইটা কৰি অৱশিষ্ট তেজৰ নমুনা হস্পিতেলৰ ছিংকত পেলাইহে দিয়ে৷ সেইটোৱেই হৈছে বিখ্যাত হস্পিতেলৰ ছিংক থিয়ৰী৷
প্ৰকৃততে এইটো কেৱল অৰ্থনৈতিক সমস্যা নহয়৷ চিকিৎসা ব্যয় অসমানুপাতিকভাৱে বৃদ্ধিৰ ফলত এচাম মানুহে প্ৰয়োজনাধিক ধন উপাৰ্জন কৰিছে৷ ঘৰৰ ভেটিটোৰ বাদে সৰ্বস্ব বিকি সন্তানৰ চিকিৎসা কৰোৱা অভিভাৱকৰ ধনেৰে ব্যৱসায়ৰ সৈতে জড়িত এচাম লোকে জোখতকৈ পাইছে বেছি পইচা৷ অৰ্থবলেৰে মতলীয়া হোৱা মানুহে কৰিব নোৱাৰা কাম নাই৷ বৰ্তমান পৃথিৱী তোলপাৰ লগাই থকা এপষ্টেইন ফাইল নামৰ কাণ্ড ছুপাৰ ৰিচ্চৰ সংখ্যা বৃদ্ধিৰ ফলত সংঘটিত হৈছিল৷ টকাৰ জোৰত মতলীয়া হৈ থকা মানুহে বিকৃত ৰুচি পূৰণ কৰিবলৈ এপষ্টেইনৰ আশ্ৰয় লৈছিল৷ বজাৰৰ সামগ্ৰীৰ দৰে নাৰী বাছনি কৰা মানুহবোৰৰ মানসিকতা বিকৃত হোৱাৰ একমাত্ৰ কাৰণ হৈছে অৰ্থবল৷ বন্ধকত থকাৰ দৰে হস্পিতেলৰ বিছনাত পৰি থকা মধ্যবিত্ত ৰোগীয়ে ডাক্তৰে যি কয় সেয়াই শুনিবলৈ বাধ্য৷ অৱশ্যে এয়া যে এতিয়াহে হৈছে সেইটোও নহয়৷ নতুনকৈ সৃষ্টি হোৱা ভয়ংকৰ ঘটনাটো হৈছে উপাৰ্জনৰ সৈতে নিমিলাকৈ চিকিৎসা ব্যয় বৃদ্ধি৷
এচাম লোকে প্ৰয়োজনাধিক ধন উপাৰ্জন কৰাৰ পৰিণতি কি হ’ব পাৰে সেইটো লাহে লাহে সকলোৱে গম পাব৷ এখন দেশৰ ভিতৰত মুনাফাখোৰ কৰ্প’ৰেটৰ নিষ্ঠুৰতা কিমান ভয়ংকৰ সেইটো ইণ্ডিগ’ই প্ৰমাণ দিছেই৷ এপষ্টেইন ফাইলৰ দৰে নহ’লেও তিনিচুকীয়াৰ অভিজাত ক্লাবত চিকিৎসকে গাড়ীৰ ছাবি সলাই এনিশাৰ বাবে পত্নী শ্বেয়াৰ কৰাৰ ঘটনাও ইতিমধ্যে সংঘটিত হৈছে৷ লাহে লাহে ভয়াৱহতা বৃদ্ধি পাব৷ এখন দেশৰ ভিতৰতে দুখন দেশ সৃষ্টি হোৱাৰ পৰিণাম সৰ্বসাধাৰণে ভুঞ্জিব লাগিব৷ হয়তো ভুৱা মহামাৰীৰ নামত পানীলগা জ্বৰতো মৰিব মানুহ৷ কোটি টকা সাঁচিব নোৱাৰা মানুহবোৰে জীয়াই থকাৰ অধিকাৰ হেৰুৱাই পেলাব৷
খৰচৰ বাবে সাধাৰণ মানুহে চিকিৎসা গ্ৰহণ কৰিব নোৱাৰা এই যে অচলাৱস্থাটো, এয়া নামী-দামী চিকিৎসালয়ৰ জয় নহয়৷ এয়া হৈছে প্ৰচলিত ছিষ্টেমৰ পৰাজয়৷ মুনাফা মুনাফা য’ত মানুহৰ প্ৰাণতকৈ মূল্যৱান তাত অভাৱগ্ৰস্ত ৰোগীয়ে চিকিৎসা লাভ নকৰাটো ডাঙৰ কথা নহয়৷ এয়া আচলতে ৰাষ্ট্ৰীয় পৰাজয়, য’ত কৰ্প’ৰেট হস্পিতেলে নিজকে দেশতকৈ ডাঙৰ বুলি প্ৰমাণ কৰি দিছে৷
RELATED POSTS
View all